Read our user's reviews
Jahnabi Rupantarak User Testimonials
jahnabi rupantarak unicode to geetanjali converter logo
Buy Now

ৰূপান্তৰক ; এটি নতুন সংযোজন
—————————————–
ৰূপান্তৰক ; এটি নতুন সংযোজন ৷ বৰ্তমান ফেইচবুক আদি মাধ্যমত অসমীয়া ইউনিকোডত লিখা বিভিন্ন লেখা পিছলৈ ছপা মাধ্যমেৰে স্থায়ী ৰূপ দিয়াৰ প্ৰয়াস দেখিবলৈ পোৱা গৈছে ৷ ছপা মাধ্যমৰ অসমীয়া কিতাপ আদিৰ বাবে সাধাৰণতে গীতাঞ্জলী ফণ্ট ব্যৱহাৰ কৰা হয় ৷ (যদিও গীতাঞ্জলী ফণ্টটো সম্পূৰ্ণৰূপে অসমীয়া নহয় আৰু যদিও ফণ্টটোত বহু সীমাবদ্ধতা আছে ৷ বিকল্প উত্তম ফণ্ট নিৰ্মাণ নোহোৱা পৰ্যন্ত এই ফণ্টটোকে আমি সৰ্বসাধাৰণতে ছপা মাধ্যমত ব্যৱহাৰ কৰি থাকিব লাগিব ৷) গতিকে অসমীয়া ইউনিকোডত লিখা লেখাসমূহ পুনৰ ডি.টি.পি. কৰি গীতাঞ্জলী ফণ্ট কৰিব লগীয়া হয় ৷ কিন্তু যদিহে কোনো পদ্ধতিৰে ইউনিকোড ফণ্টসমূহ তাৎক্ষণিকভাৱে গীতাঞ্জলীলৈ ৰূপান্তৰ কৰিব পৰা যায় ? তেতিয়া আমাৰ সময়ো বাচিব, অৰ্থও ৰাহি হ’ব ৷ মাত্ৰ ইউনিকোডত লিখা লেখাবোৰ কপি কৰি ল’লেই হ’ল ! কনভাৰ্ট কৰি গীতাঞ্জলী কৰক আৰু কিতাপৰ ছেটিঙত লগাই দিয়ক !
*
আমাৰ একান্ত অনুৰোধত এই ‘জাহ্নৱী ৰূপান্তৰক’ সঁজুলি (চফটৱেৰ)টো নিৰ্মাণ কৰি উলিয়াইছে ‘উৎপল ফুকন’ (Utpal Phukan) ডাঙৰীয়াই ৷ উল্লেখযোগ্য যে, এই সঁজুলিটোৰ পূৰ্বে ইউনিকোডৰ পৰা গীতাঞ্জলীলৈ ফণ্ট কনভাৰ্ট কৰিব পৰা অন্য কোনো সঁজুলি নাছিল ৷ বাণিজ্যিকভাৱে নিৰ্মিত এই সঁজুলিটোৰ মূল্য- ৫,০০০ টকা ৷
*
এই সঁজুলি ব্যৱহাৰ কৰি সাজু কৰা মহীৰূহ Mahiruh পৃষ্ঠাৰ এখনি কিতাপ বৰ্তমান যন্ত্ৰস্থ ৷ অসমীয়া ইউনিকোডৰ পৰা গীতাঞ্জলীলৈ ফণ্ট কনভাৰ্ট কৰি ছপা হোৱা এইখনেই হ’ব প্ৰথমখন কিতাপ ৷

কিৰণ খনিকৰ, প্ৰশাসক, মহীৰূহ পৃষ্ঠা, ফেইচবুক

কম্পিউটাৰ অথবা ইণ্টাৰনেট বিশ্বত অসমীয়া ভাষাৰ ব্যৱহাৰ সৌসিদিনালৈকে তেনেই সীমিত আছিল। ASCII fontৰে পেজমেকাৰ আদিত লিখিবলৈ Ramdhanu, Indica আদিছফ্টৱেৰ আমি ব্যৱহাৰ কৰিছিলো যদিও সেয়া আছিল অতি ব্যয়বহুল। আনহাতে UNICODE পদ্ধতি আৱিস্কৃত হোৱাৰ পিছতো বহুদিনলৈকে অসমীয়া ভাষাৰ কোনো লিখন সঁজুলি নথকাৰ বাবে আমি অসমীয়া ভাষাত লিখিবলৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল বাংলা ভাষাৰ বিভিন্ন ছফ্টৱেৰৰ ওপৰত। এই লিখন সঁজুলিবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিলো আমি। ভাষাটোৰ এনে এক জটিল সন্ধিক্ষণত লখিমপুৰৰ ঘিলামৰাৰ ভাষাপ্ৰেমী যুৱক উৎপল ফুকনে বহু কষ্টৰ মাজেৰ সাজি উলিয়াইছিল অসমীয়া ভাষাত লিখিব পৰা এটি সঁজুলি। JAHNABI WORD PROCESSOR নামৰ উক্ত সঁজুলিটোত বিভিন্ন বৈশিষ্ট্য সংযোজনেৰে অসমীয়া ভাষাটোক ইণ্টাৰনেট বিশ্বত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। তেওঁ বহু পৰিমাণে সফলো হৈছিল। লাহে লাহে ভাষাটোৱে ইণ্টাৰনেট বিশ্বত প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁ সাজি উলিয়ায় Jahnabi Multilingual Input Tool নামৰ সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় লিখন সঁজুলিটো। এই সঁজুলিটোত বিভিন্ন বৃত্তিগত বৈশিষ্ট্য সংযোজন কৰা হৈছিল। ইতিমধ্যে বজাৰত ফণ্টসমূহক ASCIIৰ পৰা UNICODEলৈ ৰূপান্তৰ কৰিব পৰা সঁজুলি ওলাই গৈছিল যদিও UNICODEৰ পৰা ASCIIলৈ ৰূপান্তৰ কৰিব পৰা সঁজুলি এটিৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি আছিলো। তেনে সময়তে ফুকন ডাঙৰীয়াই আমাৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহে। সম্প্ৰতি তেওঁ JAHNABI Rupantarak নামেৰে সাজি উলিওৱা এই সঁজুলিটোৱে মোৰ বৃত্তিগত জীৱনৰ এক অভিন্ন সংগী হৈ পৰিছে। ১০০ শতাংশ শুদ্ধ ৰূপান্তৰ কৰিব পৰা এই সঁজুলিটো আমাৰ বাবে এক অমূল্য উপহাৰ। এই ছেগতে ফুনক ডাঙৰীয়াক ধন্যবাদ জনাইছো।

উৎপল ফুকনৰ ৰূপান্তৰক সঁজুলিটো অসমীয়া ভাষাৰ ডিজিটেলাইজেছনৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পদক্ষেপ। আশাকৰোঁ ৰাইজে সঁজুলিটো আদৰি ল’ব।

Hiranya Hazarika, AAROHAN PRINTERS, GHILAMARA-787053- Ph: 9401334409

মই ইউনিক’ডত অসমীয়া লিখাত অভ্যস্ত। সেইবাবে ডিটিপি কামৰ বাবে অসমীয়া টাইপ কৰিবলগীয়াত পৰিলে বৰ অসুবিধা অনুভৱ কৰিছিলোঁ। জাহ্নৱী ৰূপান্তৰকে মোৰ সেই অসুবিধা দূৰ কৰিলে। সঁজুলিটো মোৰ দৰে ইউনিক’ডত অভ্যস্ত বহুলোকৰ বাবে আশীৰ্বাদস্বৰূপ হ’ব পাৰে। বিনামূলীয়া ইউনিক’ড কী-ব’ৰ্ড লওক আৰু কোনো বাণিজ্যিক কী-ব’ৰ্ড নোহোৱাকৈ গীতাঞ্জলীলৈ ৰূপান্তৰ কৰক

Naba Chetia, AAROHAN PRINTERS, GHILAMARA- Ph: 8486639339